
কাঠমাণ্ডু, ১৬ জুন (হি.স.)। ভাৰতৰ বিখ্যাত ধৰ্মীয় চহৰ ঋষিকেশত অৱস্থিত জুনা আখৰাৰ আচাৰ্য মহামণ্ডলেশ্বৰ স্বামী অভ্ধেশানন্দ গিৰি অহা ১৯ জুনত তিনিদিনীয়া নেপাল ভ্ৰমণৰ বাবে কাঠমাণ্ডুত উপস্থিত হ’ব। প্ৰথম দিনাই তেওঁ এক জ্ঞানপ্ৰাপ্ত নাগৰিক আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব।
অহা ২০ জুনত বিৰাটনগৰত অনুষ্ঠিত হ’বলগীয়া সনাতন সন্মিলনত অংশগ্ৰহণ কৰিব মহামণ্ডলেশ্বৰ স্বামী অভ্ধেশানন্দ গিৰীয়ে। বৌদ্ধ সৈন্ন্যাসী ফুপু চেম্বে শ্বেৰপা আৰু কিৰাটৰ ধৰ্মগুৰু আত্মানন্দ লিণ্ডেনেও এই সন্মিলনত অংশগ্ৰহণ কৰিব। পশুপতিনাথ মন্দিৰ আৰু কুমাৰী ঘৰ পৰিদৰ্শন কৰি অহা ২১ জুনত তেওঁ স্বদেশলৈ উভতি আহিব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ